পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
কুৰ্ম্মাৱলী-যুদ্ধ।

হেন দেখি গুৰু দ্ৰোণ কোপে গৈলা জ্বলি।
হাতে ধৰি ধনুখান কৰিলা মণ্ডলী॥১৭৬
সাৰথিয়ে ৰথখান ছপালা ওচৰ।
কালভদ্ৰ বীৰক হানিলা নিৰন্তৰ।
দেখি কালভদ্ৰে কোপ কৰিয়া অতিশয়।
শৰে হানি দ্ৰোণৰ কাটিলা শৰচয়॥১৭৭
পূনৰপি দ্ৰোণে হানিলেক শৰ-জাক।
মহাবীৰ কালভদ্ৰে কাটিলেক তাক।
দুনাই কালভদ্ৰে শৰ প্ৰহাৰ কৰিলা।
মহাবীৰ দ্ৰোণে তাক পথতে কাটিলা॥১৭৮
শৰ কাটি গুৰু দ্ৰোণে চাইলেক আন।
মন্ত্ৰ পঢ়ি হানিলেক দেৱতাৰ বাণ।
কালভদ্ৰ বীৰৰ ভেদিলা কলেৱৰ।
পৃথিবী বিদাৰি গৈলা পাতাল ভিতৰ।১৭৯
মহা পীড়া পাই কালভদ্ৰ মহাবলী।
মূৰ্চ্ছা যাই ৰথসমে পৰিলেক ঢলি॥
ক্ষণেকতে চেতন লভিলা বিদ্যমান।
শৰে হানি দ্ৰোণৰ কাটিলা ধনুখান॥১৮০