পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
কুৰ্ম্মাৱলী-যুদ্ধ।

সাৰথি ৰথক শালিলেক শৰে হানি।
হৃদয়ত পঞ্চবাণ হানিলেক টানি॥
হৃদয় বিদাৰি গৈলা শৰ বিপৰীত।
মূৰ্চ্ছা যাই দ্ৰোণেও পৰিলা পৃথিবীত॥১৮১
হেন দেখি কৌৰৱৰ যত সেনাগণ।
কৰ্ণৰ পাশত সবে পশিলা শৰণ ॥
সেনাৰ বিপত্তি হেন দেখি অদভুত।
সাৰথিক সম্বোধি মাতিলা ৰাধা-সুত॥১৮২
শুনিয়ে সাৰথি মোৰ ঝাণ্টে ডাক ৰথ।
কালভদ্ৰ বীৰৰ আগত ৰাখ ৰথ॥
দুৰ্জ্জয় মুনিষ ইটো মহা বলৱন্ত।
মাৰিলা আমাৰ কটক অপৰ্য্যন্ত॥১৮৩
দ্ৰোণ জয়দ্ৰথ আদি যত ৰাজাগণ।
ইহাৰ আগত সবে পতঙ্গ সমান। ।
আকে জানি শীঘ্ৰে তুমি ৰথ ডাকিয়োক।
তাহাৰ আমাৰ আজি ঘোৰ যুদ্ধ হৌক॥১৮৪
হেন শুনি সাৰথি ৰথত দিলা বাৰি।
পবন সঞ্চাৰে ৰথখান গৈলা লৰি॥