সমললৈ যাওক

পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
কুৰ্ম্মৱলী-যুদ্ধ।

দেখি কালভদ্ৰ কোপে ধনুখান ধৰি।
হানিলা নাৰাচ [১] হৃদয়ক লক্ষ্য কৰি॥১৭২
ছটাৎ শৱদে গৈলা হৃদয়ক ভেদি।
ঢলিয়া পৰিল দুই গোট চক্ষু মুদি॥
মহাবীৰ মৎস্যৰাজ হৈলা মূৰ্চ্ছামান।
অচেতনে পৰিল নাহিকে শ্ৰুতিজ্ঞান॥১৭৩
দেখি দুৰ্য্যোধন নৃপতিৰ শত ভাই।
গাৱে গাৱে ধনুধৰি গৈলা আগুৱাই॥
ভিন্ন ভিন্ন হন্তে সবে বৰিলা সমৰ।
কালভদ্ৰ বীৰে যুজিলন্ত একেশ্বৰ॥১৭৪
সেনাপতি কালভদ্ৰ মুনিষ প্ৰধান।
শৰে হানি সবাক কৰিলা ম্ৰিয়মান॥
অন্য অসংখ্যাত যত নৃপতি আসিলা।
খেদি খেদি কালভদ্ৰে সম্যক যুজুলা॥১৭৫
কৃপ অশ্বত্থামাক হানিলা পঞ্চবাণ।
মূৰ্চ্ছাযাই পৰিল ন গৈলা মাত্ৰ প্ৰাণ॥

  1. নাৰাচ-লোৰ বাণ বিশেষ।