পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
কুৰ্ম্মাৱলী-যুদ্ধ।

হয় হস্তী ৰথ সমৰক গৈলা চলি।
প্ৰচণ্ড বাতাসে যেন ভাঙ্গিলা কদলী॥
সমৰে পৰিল কূৰ্ম্মঠেৰ [১] সেনা বল।
মৃত শৱে ভৰি গৈলা ধৰণী মণ্ডল॥১৬০
সম্মুখ সমৰে সেনা পৰিল বিস্তৰ।
প্ৰজাৰ শোণিতে বহে নদী ভয়ঙ্কৰ॥
মহাক্ৰোধে কাটাকাটি কৰে সেনাগণ।
অস্ত্ৰ এৰি পলাইল ত্যজি ঘোৰৰণ॥১৬১
মাৰিলো কৌৰৱগণ কৰে ৰঙ্গ ঢঙ্গ।
দেখি কূৰ্ম্মঠে সেনা ভৈলা মহাৰঙ্গ॥
হেন দেখি জয়দ্ৰথ ৰাজা মহাবলী।
সৈন্যক ৰক্ষিতে শীঘ্ৰ বেগে গৈলা চলি॥১৬২
আকৰ্ণ পূৰিয়া বীৰে ধনু খান টানি।
অসংখ্যাত শৰ যেবে বৰষিলা ছানি॥
জয়দ্ৰথ ৰাজাৰ প্ৰচণ্ড শৰ পাই।
পলাই কূৰ্ম্মঠেৰ সেনা বাতুল পৰায়॥১৬৩


  1. কূৰ্ম্মঠেৰ-কুৰ্ম্মৱলীৰ পক্ষৰ।