পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪
কুৰ্ম্মাৱলী-যুদ্ধ।

দুইদলে মহাক্ৰোধে দেখি লগ পাই।
পৰম আক্ৰোশে সবে যুজিবাক যায়॥১৫৫
সমীপতে দুয়ো দল হুযা বিদ্যমান।
এক স্থান ভৈলা যেন সাগৰ দুখান॥
সম্মুখে বাইলা যেন সেনা নিৰন্তৰ।
ধৰ মাৰ শবদ উঠিলা ভয়ঙ্কৰ॥১৫৬
উভয় সেনাৰ লাগিলেক হুলস্থুল।
ধূলি অন্ধকাৰ ভৈল নগণি স্বদল॥
সমানে সমানে লাগিলেক হাতাহাতি।
বলীয়ে নিৰ্ব্বলী কৰে কাটাকাটি আতি॥১৫৭
সম্মুখ সমৰে সেনা পৰিল বিস্তৰ।
মৰি যমপুৰ গৈলা লোক নিৰন্তৰ॥
হয় হস্তী পদাতি ৰথৰ যত যত।
সংক্ষেপ পয়াৰে তাৰ লেখা দিব কত॥১৫৮
শৰীৰৰ বলে ক্ৰোধে খাণ্ডা ধৰি আতি।
পৰম আক্ৰোশে সবে কৰে কাটাকাটি॥
তথাপিতো কাহাকো নাহিক ভঙ্গ জয়।
অন্যান্য সমৰে সবে কটক দুৰ্জ্জয়॥১৫৯