পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
কূৰ্ম্মৱলী-যুদ্ধ।



তথাপি বৰিষে শৰ ৰাজা মহাবল।
শ্ৰাবণৰ মেঘে যেন বৰষিলা জল॥
কাৰো উৰু গল কটি কেশ শিৰ বাহু।
কাহাৰো নাসিকা কাৰো কাটে মধ্য দেহ॥১৬৪
কাহাৰো অঙ্গুলি কাটে কাৰো ললাটক।
কাহাৰো গলক কাটে কাহাৰো মুখক॥
কাৰো ওঠ কাৰো থোঠ কাৰো বক্ষস্থল।
কাৰোবা শৰীৰ পৰি পেঁকে যায় তল॥১৬৫
কাহাৰো কঙ্কাল মধ্যে কাহাৰো চক্ষুক।
অনেক কুৰূপ কৰি কাটয় বাহুক।
কূৰ্ম্মৰ সেনাৰ ভৈলা ভঙ্গ অহৰ্নিশ।
ৰণ হাৰি প্ৰজাগণ পলায় দশোদিশ॥১৬৬

কালভদ্ৰৰ বীৰত্ব।

হেন দেখি কালভদ্ৰ মুনিষ প্ৰধান।
ডেৱ দিয়া ৰথত চড়িলা তেতিক্ষণ॥
হাতে ধনু তূণ বাণ লৈলেক পিঠিত।
শীঘ্ৰ বেগে সমৰ ভূমিত উপস্থিত॥১৬৭