পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩
কুৰ্ম্মাৱলী-যুদ্ধ।

বাঢ়া টুটা দোষ   একো নধৰিবা
  পৰম অতি অধম॥১৫৩
মিছা আশা কাম   হেনয় সংসাৰে
  এৰিবেক মহাজন॥
আপুনি নিস্তৰে   পুৰুষ উদ্ধাৰে
  হবে নষ্ট পাপগণ॥
হেন জানি সবে   আলাস ত্যজিয়া।
  ধৰা মাধবৰ নাম॥
তেবেসে সংসাৰ   ভাবিবাহা সুখে
  মুখে বোলা ৰাম ৰাম॥১৫৪


কুৰু আৰু কুৰ্ম্ম সৈন্যৰ ৰণ।

পদ।

বৈশম্পায়ন বদতি নিয়ে নৰেশ্বৰ।
যেন কথা ভৈলা পাছে আৰু অনন্তৰ॥