পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯
কুৰ্ম্মাৱলী-যুদ্ধ।

জানিছো নিশ্চয়   দুৰ্ঘোৰ সমৰ
  কন্দল মিলিব আজি॥১৪৪
শুনি কালৰুদ্ৰ   হৰিষে চলিলা
  ৰাজাক কৰি প্ৰণাম।
হয় হস্তী ৰণ   পদাতি সমস্ত
  দেখিবাক অনুপাম॥
পাছে কূৰ্ম্মৱলী   সাৰথিক চাই
  শীঘ্ৰে দিলা সমিধান।
নকৰি বিলম্ব   উঠিয়োক ঝাণ্টে
  সাজিয়োক ৰথ খান॥১৪৫
শুনিয়া সাৰথি   গৈলা আথে বেথে
  আনিল ঘোটক ধৰি।
শুক্ল চাৰি হয়   সাজিলেক ৰথ
  সুবৰ্ণে মণ্ডিত কৰি॥
যুবলি বিচিত্ৰ   ৰত্নে বিৰচিত
  ধ্বজক দিলা সিংহৰ।
অস্ত্ৰ শস্ত্ৰগণ   থৈলা থানে থান
  যোগাইলেক ৰথবৰ॥১৪৬