পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০
কুৰ্ম্মাৱলী-যুদ্ধ।

দেখি কূৰ্ম্মৱলী   হৰিষে উঠিলা
  সমৰক ভেলা সাজ।
দেবাঙ্গ ভূষণ   অলঙ্কাৰ যত
  পিন্ধিলেক মহাৰাজ॥
শৰীৰক ঢাকি   পিন্ধিলা কবচ
  থৈলা অস্ত্ৰ তুণ ভৰি।
অসংখ্যাত বীৰ   যাই আগে পাছে
  লৰিলেক যাত্ৰা কৰি॥১৪৭
কালভদ্ৰ আদি   কৰি বীৰ যত
  লৰিলা সবে লগত।
সমস্ত কটক   ভূমি দল দপ
  চলিলা সবে লগত॥
সেহি সময়তে   ৰাজা কুৰ্ম্মবলী
  দেখে সৰ বিমঙ্গল।
আকাশৰ পৰা   খসি খসি পৰে
  যতেক তাৰাসকল॥১৪৮
একে গগণত   দুগোটা আদিত্য
  যুজন্ত নক্ষত্ৰগণ।