পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
কূৰ্ম্মৱলী-যুদ্ধ৷

শুনা সভাসদ ইটো ভাৰতৰ কথা।
ইহেন মনুষ্য জন্ম নকৰিয়ো বৃথা॥
ঈশ্বৰৰ জন্ম কথা সংসাৰতে সাৰ।
কলিযুগে আতপৰে ধৰ্ম্ম নাহি আৰ॥১৪২
সংসাৰ সাগৰে তৰী কৃষ্ণৰ চৰণ।
বোলা ৰাম ৰাম সবে সভাসদগণ॥১৪৩

 

দুলৰী।

আমাৰ বচন শুনা কালভদ্ৰ
 সাজিয়োক এতিক্ষণ।
আজিৰ সমৰ হৈব ভয়ঙ্কৰ
 আসিয়াছে দুৰ্য্যোধন॥
ভীম দ্ৰোণ আদি  অসংখ্যাত বীৰ
 লগতে আসিছে সাজি।