পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
কূৰ্ম্মৱলী-যুদ্ধ

স্নান কৰি দেৱতাক কৰিলা পূজন।
বিধিমতে ৰাজা পাছে কৰিলা ভোজন॥
আন ৰাজাগণে আনিলেক ডাব-জল।
স্নান পান ভোজন কৰিলা কৌতূহল॥১২৯
আন ৰাজাগণ যত আছিলা বিস্তৰ।
স্নান কৰি ভোজন কৰিলা নিৰন্তৰ॥
সেনাগণ সমে পাছে ৰাজা দুৰ্য্যোধন।
কূৰ্ম্মৱলী নগৰক কৰিলা গমন॥১৩০
ঘোৰতৰ বন, সেতু এড়ালা বিস্তৰ।
পৰ্ব্বত দুৰ্গম নদী গ্ৰাম বহুতৰ॥
মহা দুখে চলে কুৰুসেনা নিৰন্তৰ।
দ্বাদশ দিবসে পাইলা কূৰ্ম্মৰ নগৰ॥১৩১
দোকানী পহাৰীলোক আছিলেক যত।
দ্বিতীয় প্ৰহৰ হন্তে ৰহিলা পাছত॥

কূৰ্ম্মৱলীৰ যুদ্ধ আয়োজন।

সেহি বেলা কূৰ্ম্মৱলী যত সৈন্যগণ।
নৃপতিৰ আগে যাই কৈলা তেতিক্ষণ॥১৩২