পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
কূৰ্ম্মৱলী-যুদ্ধ


সিংহাসন খাটে গৈয়া শয়ন কৰিলা।
পালি পহৰীয়া লোকে চৌভিতি ৰহিলা॥১২৪
আন ৰাজাগণ মনে কৰিলা ভোজন।
নিজ নিজ স্থানে সবে কৰিলা শয়ন॥
ভীষ্ম দ্ৰোণ আদি কৰি যতেক আছিলা।
ভোজন কৰিয়া পাছে শয়ন কৰিলা॥১২৫
প্ৰজাগণে ভোজন কৰিলা মহাসুখে।
নিদ্ৰা গৈলা সকলে পৰিয়া মহা দুখে॥
এহিমতে ৰাত্ৰি গোট অৱসান কৰি।
উদয় ভৈলন্ত ভানু ৰজনী সংহাৰি॥১২৬
সেহি বেলা ৰাজাগণ লভিলা চেতন।
পাইলেক চেতন আৰু যত সেনাগণ॥
মহাৰাজ দুৰ্য্যোধন নিদ্ৰা পৰিহৰি।
সিংহাসন হন্তে উঠিলেক ত্বৰা কৰি॥ ১২৭
উপাসি ৰহিলা পাত্ৰ মন্ত্ৰী যি সকল।
সাঙ্গী কৰি আনি লোকে যোগাইলেক জল॥
শকটৰ পৰা আনি নিলেক ত্বৰিতে।
দেখি দুৰ্য্যোধন বৰ হৰষিত চিত্ত॥১২৮