পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
কূৰ্ম্মৱলী-যুদ্ধ।



আগবাঢ়ি সবেয়ো কৰিলা হাতযোৰ।
শাৰী হুয়া জানুপাৰি দিলেক গোচৰ॥
আদেশ নৃপতি ভৈলা অথন্তৰ কাজ।
সমৰক আইলা দুৰ্য্যোধন মহাৰাজ॥১৩৩
অসংখ্য কটক সমে আসিয়াছে সাজি।
বিনাশ ভৈলন্ত কাজ চিন্তিয়োক আজি॥
হয় হস্তী ৰথ ৰথী আসিয়াছে যত।
অনেক দিবস লাগে লেখা দিব কত॥১৩৪
সাগৰ সমান সৈন্য অসংখ্যাত প্ৰজা।
আছোক সেনাক কোনে লেখিবেক ৰাজা।
নাজানো আমাৰ আজি কিহয় অৱস্থা।
মুখ্য মুখ্য বীৰৰ শুনিয়ো কহো কথা॥১৩৫
আপোনাৰ ভাই তাৰ এক ঊণশত।
মহাবলী ৰাজ-সুত আহিছে বহুত॥
আসিয়াছে সেনাপতি গঙ্গাৰ কুমাৰ।
দ্ৰোণ নামে আসিয়াছে মুনিষ দুৰ্ব্বাৰ॥১৩৬
সুসেন শকুনি কৰ্ণ মহা বুদ্ধিৱন্ত।
জয়দ্ৰথ আসিয়াছে বৰ বলৱন্ত॥