পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
কুৰ্ম্মৱলী-যুদ্ধ।

সেহি সময়তে পাছে ৰাজা দুৰ্য্যোধন।
সবাকো সম্বোধি হেন বুলিলা বচন॥
আপোনাৰ বস্তু যত আছয় লগত।
কৰিয়ো ভোজন সবে ৰাজাগণ যত॥১২০
যাহাৰ লগত খাদ্য নাহি বিদ্যমান।
পহাৰীৰ শকটৰ শীঘ্ৰ কৰি আন॥
ভুঞ্জিয়োক সেনাগণ যাৰ যিবা আশ।
অভোজনে নাথাকিব প্ৰথম প্ৰবাস॥১২১
আৰু এক কথা কহো শুনিয়োক কৰ্ণ।
শীঘ্ৰ কৰিয়োক কাষ্ঠ গড়ৰ যতন।
ৰাজাৰ বচন হেন শুনিলেক কৰ্ণ॥
কৰিলেক কাষ্ঠ-গড় খান তেতিক্ষণ॥১২২
এহিমতে বহিলেক ৰাজা দুৰ্য্যোধন।
পালি পহৰীয়া লোকে দিলেক দোকান॥
উপৰত চন্দ্ৰতাপ আৰিলা দুনাই।
কৰিলা কোন দুৰ্য্যোধন মহাৰায়॥ ১২৩
ষড়ৰস পঞ্চামৃত কৰিলা ভোজন।
কৰ্পূৰ তাম্বুল ভুঞ্জিলেক তেতিক্ষণ॥