পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
কূৰ্ম্মৱলী-যুদ্ধ

প্ৰজাৰ আন্দোলে ঘনে কম্পে বসুমতী।
কৈলাশত সচকিত হৈলা পশুপতি॥১০৬
জল স্থল নাগ পশু পক্ষীৰ বিস্ময়।
স্বৰ্গে থাকি দেৱতাসৱৰ হৈলা ভয়॥
হুয়া চমৎকাৰ পাছে ৰাজা দুৰ্য্যোধন।
শুভক্ষণ যাত্ৰা পায় কৰিলা গমন॥১০৭
লগত লৰিলা ভীষ্ম দ্ৰোণ আদি যত।
অসংখ্যাত ৰাজাগণ লৰিলা পাছত
সামান্য সেনাৰ বিছো লেখা জোখা নাই।
জল স্থল পৃথিবী সহিতে চলি যাই॥১০৮
নদী নদ গ্ৰাম দেশ গিৰি নিৰন্তৰ।
সম কৰি চলে কুৰু সেনা বহুতৰ॥
দোকানী পোহাৰী লোক চলয় পাছত।
শকটে শকটে ভৰি বস্তু চলে যত॥১০৯
এহিমতে দিনত চলিল প্ৰজাচয়।
গধুলি ভৈলেক ভৰি হাত নচলয়॥
হাথিবাক নাপাৰয় সেনাগণ যত।
তেতিক্ষণে দিবাকৰ ভৈলা অস্তগত॥১১০