এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
কুৰ্ম্মাৱলী-যুদ্ধ।
শুভক্ষণে যাত্ৰা কৰিলন্ত নৃপবৰ।
জয় হৰিধ্বনি কৰিলেক ভয়ঙ্কৰ॥
ধীৰে ধীৰে দেও দিয়া চৰিলা ৰথত।
ভীষ্ম আদি যোধগণ চলিলা লগত॥ ১০২
বিৰাট দ্ৰুপদ আদি আহিলেক যত
যুঁজিবাক মনে সবে হৰিষ মনত॥
ৰথ সমে দুৰ্য্যোধন প্ৰকাশ কৰয়।
সপ্ত ঘোটকত যেন আদিত্য জ্বলয়॥ ১০৩
পাছত চলয় তাৰ উণশত ভাই।
যতেক কটক তাৰ লেখা জোখা নাই॥
বাজনীযা লোক তাৰ যতেক থাকয়।
ক্ৰমান্বয়ে সমস্তেও ৰণক চলয়॥১০৪
বীৰ ঢাক কৰতাল বাজাৱে কাঁহাল
খমুছি দোতাৰা বাজে বিপঞ্চি মাদাল॥
গোমুখ কৰ্ণাল ভেৰী ঢোল চন্দ্ৰহাঁস।
সাৰিঞ্জে বঞ্জাৰ বেণু ৰুদ্ৰকা বলাস॥ ১০৫
কালি মৌৰি বাঁশী বেন আন বাদ্য যত
পৰম আনন্দে বাজে সেই সময়ত॥