পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
কূৰ্ম্মৱলী-যুদ্ধ।

সেই সময়তে ভীষ্ম সেনাপতি বীৰ।
দুৰ্য্যোধন ৰাজাক মাতিলা ধীৰে ধীৰ॥
আমাৰ বচন শুনিয়োক মহাবল।
হাথিব নাপাৰে দেখো কটক সকল॥১১১
আত ৰাতি বঞ্চিযোক সসৈন্য সহিতে।
ৰাত্ৰি-অৱসানে চলো সেনা সমন্বিতে॥
সেহি সময়তে পাছে ৰাধা-সুত কৰ্ণ।
মহাক্ৰোধে গাঙ্গেয়ক বুলিলা বচন॥১১২
ইথানত ৰাত্ৰি বঞ্চিবাৰ কিবা কাজ।
পোতাশালে আছে দুঃশাসন যুৱৰাজ॥
একদিনে এক যুগ তাহান মনত।
কোন কাৰ্য্য সাধিবাহা থাকি ইথানত॥১১৩
চলোক সকল সেনা হাতে খাণ্ডাধৰি।
হেন শুনি দ্ৰোণে মাতিলেক ক্ৰোধ কৰি॥
তোহোৰ শৰীৰে বল আছয় বিস্তৰ।
হৰিষে চলাস গাৱে নাহিকে ভাগৰ॥১১৪
তোৰ বলে হাথিবে নাপাৰে সেনাগণ।
ঝট খাই পৰয় সম্মুখে জল যেন॥