পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫
কুৰ্ম্মাৱলী-যুদ্ধ।

বেগে যাই সবাত কহিলা বিদ্যমান।
শীঘ্ৰকৰি আনি সাজিলেক ৰথখান॥
শ্বেতবৰ্ণ চাৰিগোট যুৰিলেক বাজী।
সমস্তে অস্ত্ৰক নিবন্ধিয়া হৈল সাজি॥৯৮
দিলেক ঝঞ্চনা খান ৰত্নে বিৰচিত।
সুবৰ্ণ সদৃশ ধ্বজগোট বিপৰীত॥
কপালত আৰপিল সুবৰ্ণ দাপনি।
পাৱত ঘুগুৰা দিলা কৰে ঝিলি মিলি॥৯৯
সুবৰ্ণ ৰতনে মণ্ডিলেক ৰথখান।
ভূমিত নামিছে যেন দলৰ বিমান॥
হেন সুন্দৰ ৰথ পৰম সুমতি।
ৰাজাৰ আগত আনি যোগালে সাৰথি॥১০০
ৰথ আসিবাক দেখি ৰাজ্য দুৰ্য্যোধন।
সমাজৰ হন্তে উঠিলেক তেতিক্ষণ॥
ভীষ্ম দ্ৰোণ আদি কৰি যতেক আছিল।
গিৰিসিতে তাৱক্ষণে সিথানে চলিল॥১০১

*ঝঞ্চনা:-ঝণক, অলঙ্কাৰ বিশেষ।