পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
কূৰ্ম্মৱলী-যুদ্ধ।


এহিমতে অলঙ্কাৰ পিন্ধিলা বিস্তৰ।
সাৰথিক সম্বোধিয়া দিলন্ত উত্তৰ॥ ৯৩
শুনিয়ো সাৰথি মোৰ বচন বিহিত।
শীঘ্ৰকৰি ৰথ খান কৰ সালঙ্কৃত॥
আথে বেথে যাই কটকত দিলা জান।
শুনোক সকলে মোৰ বচন প্ৰধান।৯৪
চলিবে লাগয় মোৰ দুৰন্তৰ পথ।
ভোজন সম্ভাৰ মানে লয়োক লগত॥
তেলী মালী কাহাৰ কমাৰ যত লোক।
পহাৰি খামাৰি সমস্তেয়ো চলিয়োক॥৯৫
পৰত খুজিবে যেন নালাগে বস্তুক।
শকটে শকটে ভৰি লয়োক বহুত॥
পানীশালা অগ্নিশালা অন্নশালা লৌক।
বৃষভৰ স্কন্ধে সাঙ্গী কৰিয়া লয়োক॥৯৬
খৰি-ডাল পৰ্য্যন্তে নালাগে খুজিবাক।
যতেক আছয় মোৰ বাজনীয়া লোক॥
সমস্তে চলোক মোৰ লগত সম্প্ৰতি।
হেন শুনি আথে বেথে চলিলা সাৰথি॥৯৭