পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
কূৰ্ম্মৱলী-যুদ্ধ।


দুৰ্য্যোধনৰ ৰণযাত্ৰা

পদ।

বৈশম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ।
যুদ্ধক প্ৰৱন্ধে দুৰ্য্যোধন নৃপবৰ॥
কৱচ পিন্ধিয়া শৰীৰৰ আৱৰণ।
পৰিধান কৰিলেক দেৱাঙ্গ ভূষণ॥৯০
মাথে পিন্ধিলেক পাছে শৰীৰ শোভন।
কণ্ঠমধ্যে লইলেক হাৰ বিতোপন॥
কৰত কঙ্কণ অতি হাৰ সাতসৰি।
কঙ্কালত ঘুগুৰা বান্ধিলা যত্ন কৰি॥ ৯১
বক্ষস্থলে পিন্ধিলেক অগৰু চন্দন।
কপালত সুবৰ্ণৰ চিঠি[১] বিতোপন॥
দশ আঙ্গুলিত পিন্ধি সুবৰ্ণ-আঙ্গুঠি।
ৰত্নৰ নুপূৰ পাৱে স্বৰ্ণৰ উঝটি॥ ৯২
শৰীৰত বস্ত্ৰ কঙ্কালন্ত পাটভুণি।
ৰত্নে বিৰচিত জিলি মিলি কৰে কান্তি॥

  1. চিঠি :-চিঠিপাতি, কপালজেঠী।