সমললৈ যাওক

পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
কূৰ্ম্মৱলী-যুদ্ধ

সৈন্ধব দেশৰ  সাজি আসিবেক
 জয়দ্ৰথ মহাৰাজ॥
বিৰাট আসিয়া  ভৈলা সব সাজ
 মৎস্যৰাজ মহাবলী।
দ্ৰুপদ নৃপতি সেনাগণ সমে
 তেতিক্ষণে গৈলা চলি॥
আন অস খ্যাত ৩ আসিল নৃপতি
 সমৰক হুয়া সাজ।
যুদ্ধক প্ৰৱন্ধে ৰঙ্গে সাজিলেক
 দুৰ্য্যোধন মহাৰাজ॥
শুনা সভাসদ  ভাৰতৰ পদ
 সম্যকে পাপৰ জুই।
দেৱাঙ্গ ভূষণ  ভক্ষ পঞ্চামৃত
 জানা আক সমনুই॥৮৮
জীৱন্তে ভকতি  মৰিলে মুকুতি
 গতি হয় পৰকালে।
ত্যাজা আন কাম  বোলা ৰাম ৰাম
 পুৰুষ উদ্ধাৰা ভালে॥৮৯