পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
কূৰ্ম্মৱলী-যুদ্ধ

শুনি আছো দুঃশাসন সমৰে প্ৰধান।
সমৰত জিনি হাতে গলে বান্ধি আন॥৬৩
পোতাশালে বন্দী কৰি থওঁ ভালমতে।
ডেঙ্গেৰে ফুৰাম মই নগৰ সমস্তে॥
তাৰ পাছে আসোক নৃপতি দুৰ্য্যোধন।
তাৰ সঙ্গে মোহোৰ হৈবেক ঘোৰ ৰণ॥ ৬৪
হেন শুনি কালভদ্ৰ বীৰ মহাবলী।
সসৈন্যে সানন্দে শীঘ্ৰে বেগে গৈলা চলি॥
মহাবেগে গৈলা চলি খানিকো নাপেক্ষি।
দুঃশাসন সমে সবে ভৈলা দেখা দেখি॥৬৫
সেহিবেলা দুঃশাসনে যি কৰিলা কাজ।
সমৰ লাগিয়া ভৈলেক সবে সাজ॥
কালভদ্ৰ সেনাপতি খেদি লাগ পাই।
দুই দলে মহাক্ৰোধে যুজিবাক যাই॥৬৬
বাৰুৱাৰী লোকে খেদি যাই বাৰু পাতি।
খাণ্ডায়ে লাগিয়া কুবাকুবি হাতাহাতি॥
ধানুকী সকলে যুজি পদাতি পদাতি।
মাহুতে মাহুতে যুজে ৰথী খৰগতি॥৬৭