সমললৈ যাওক

পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
কূৰ্ম্মৱলী-যুদ্ধ


এহিমতে ঘোৰ যুদ্ধ মিলিল অপাৰ।
হুলস্থূল আন্দোল যে হুইল তাহাৰ॥
অনেক পৰিল বীৰ সম্মুখ সমৰে।
তথাপিতো পিছক নচাৱে কোনো নৰে॥৬৮
বোলন্ত সাগ‍ৰ কবি অতি অল্প মতি।
কৰযোৰে মহন্ত জনক কৰো নতি॥
মূৰ্খ হেন জানি নিন্দা নকৰিবা মোক।
যেন তেন মতে কৃষ্ণ কীৰ্ত্তনেসে হৌক॥ ৬৯
কৃষ্ণসে দেৱৰ দেব জানা নিষ্ট কৰি।
খণ্ডোক আপদ ডাকি বোলা হৰি হৰি॥৭০


দুঃশাসন নাগপাশত বন্ধ।

দুলৰী।

ঋষিয়ে বোলয়,  ৰাজা জন্মেজয়
 শুনিয়োক পাছকথা।
যেবে দুঃশাসন, হাৰিলেক ৰণ
 ৰিলা যেন অৱস্থা॥