পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫
কুৰ্ম্মাৱলী-যুদ্ধ।

হেন শুনি যুদ্ধ সাজিলা বীৰগণ।
মাহুতে সহিতে হস্তী যুজিবাক মন।
ৰথী সমে ৰথ সম ৰাহুতে ঘোটক।
বাৰু খাণ্ডা ধৰি সবে আসিল কটক॥৫৯
নানাবিধ অস্ত্ৰ সাজি সসৈন্যে দুৰ্ব্বাৰ।
নৃপতি আগে গৈয়া ভৈলা পয়োসাৰ॥
কালভদ্ৰ সেনাপতি সমে সেনাচয়।
বাৰিষাৰ মেঘ যেন দেখি লাগে ভয়॥৬০
হয় হস্তী পদাতি ভৈলেক একস্থান।
পদাতিৰ আন্দোলে পৃথিবী কম্পমান॥
যেন দেখি কূৰ্ম্মৱলী ৰাজা নৰেশ্বৰ।
সবাকে সম্বোধি হেন দিলেক উত্তৰ॥৬১
আমাৰ বচন শুনা পদাতি সকল।
শুনা ভাই কালভদ্ৰ সেনা মহাবল॥
ঘোটকৰ লগত আহিছে দুঃসাশন।
সেই সমে আগে কৰিয়োক ঘোৰৰণ॥৬২
সৈন্যগণ সহ সিটো আসিয়াছে সাজি।
কৰিয়ো সমৰ ভয় নকৰিবা আজি॥