পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
কূৰ্ম্মৱলী-যুদ্ধ


আনো অসংখ্যাত সাজি আসে নিৰন্তৰ।
কত কত জনৰ যে মিলিলা সমৰ॥
হেন শুনি বুদ্ধিমন্ত শীঘ্ৰে গৈলা চলি।
যি থানত আছে কালভদ্ৰ মহাবলী॥৫৫
কহিলন্ত নৃপতিৰ কথা যত যত।
শুনি কালভদ্ৰ ভৈল হৰিষ মনত॥
মনে ৰঙ্গ সমৰত আমাৰ চিৰকাল।
জানিলো নিশ্চয় ঘোৰ সমৰ মিলিল॥৫৬
এহি বুলি কালভদ্ৰ মোক্ষ সেনাপতি।
জান দিয়া বহুলোক আনিলেক মাতি॥

কালভদ্ৰ আৰুদুঃশাসনৰ যুদ্ধ।

সাজিয়োক সেনাগণ বিলম্ব নকৰ।
ধৰিলা ঘোটক ঘোৰ মিলিল সমৰ॥৫৭
হেন শুনি বাজেনীয়া যতেক প্ৰধান।
পৰম আনন্দে সবে বজাৱে নিসান॥
কুবাৱে নিসান মহা আনন্দতে চড়ে।
সমৰক চলো বুলি বাজে খৰতৰে॥৫৮