পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
কূৰ্ম্মবলী-যুদ্ধ।

নৃপতিৰ আদেশ শুনিয়া সৈন্যগণ।
বেঢ়ি যাই ঘোৰাক ধৰিলা তেতিক্ষণ॥৫০
মহা যত্নে ঘোৰ গোট থৈলেক বান্ধিয়া
কপালৰ পত্ৰখান আনিলা কাঢ়িয়া॥
কহিলেক পত্ৰখান যেহেন লক্ষণ।
কৌৰৱৰ বংশে জাত ৰাজা দুৰ্য্যোধন॥৫১
পৰম প্ৰবল ৰাজা ধৃতৰাষ্ট সুত।
ধৰণী মণ্ডলে ৰাজা অতি অদভুত॥
একছত্ৰে খাটে পৃথিবীৰ ৰাজগণ।
ভৃত্য যেন খাটয় যোগাৱে কৰ-ধন॥৫২
যজ্ঞ কৰিবাক মনে ঘোটক মেলিলা।
ভ্ৰাতৃ দুঃশাসনক লগতে ৰক্ষা দিলা॥
ধৰিবেক ঘোৰা যাৰ শকতি আছয়।
সপুত্ৰ বান্ধৱে তাৰ কৰিবো প্ৰলয়॥৫৩
পত্ৰ শুনি ক্ৰোধে জ্বলিলেক নৰেশ্বৰ।
শুনি আছো দুৰ্য্যোধন ৰাজা ভয়ঙ্কৰ॥
শকুনি সুসেন কৰ্ণ দ্ৰোণ ভীম ৰায়।
সমদলে কটকে নগৰে আসে ধাই॥৫৪