পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
কূৰ্ম্মবলী-যুদ্ধ।


সুবৰ্ণৰ বৃক্ষসৰ সুবৰ্ণৰ ফল।
সুবৰ্ণৰ পত্ৰসব পৰম নিৰ্ম্মল॥ ৪৬
সুবৰ্ণৰ পুষ্পসব আছে ফুলি ফুলি।
গাছতে পকিয়া আছে সুবৰ্ণ কদলী॥
হীৰা মৰকতে গৃহ বান্ধিছে ৰাজাৰ।
দেখয় সুবৰ্ণময় জগততে সাৰ॥৪৭
সৰ্ব্বাঙ্গে সুন্দৰ একো অঙ্গে নুহি ক্ষীণ।
প্ৰকাশে ভূমিত দ্বিতী অম্ৰাবতী যেন॥

কূৰ্ম্মৱলীৰ হাতত অশ্বমেধৰ ঘোৰা আবদ্ধ।

সেহি নগৰত পশি ঘোটক দুৰ্জ্জয়।
পৰম আনন্দে সিটো ছেহনি মাৰয়॥৪৮
সেহিবেলা নৃপতিৰ মন্ত্ৰী বুদ্ধিমন্ত।
সুবৰ্ণ সদৃশ ঘোৰা গোট দেখিলন্ত॥
পৰম সুন্দৰ ঘোৰা দেখি বিদ্যমান।
আথে বেথে মন্ত্ৰী নৃপতিত দিলা জান॥৪৯
হেনশুনি ৰাজা আদেশিলা শীঘ্ৰ কৰি।
সমদলে কটকে ঘোৰাক আন ধৰি॥