পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
কূৰ্ম্মৱলী-যুদ্ধ।

কূৰ্ম্মৱলী নগৰৰ বিৱৰণ।

সিটো নগৰৰ প্ৰজা পৰম সুবেশ।
সুকুমাৰ তনু অতি জ্বলে দীৰ্ঘকেশ॥৪২
সমস্ত তৰুণ দেহা অতি মনোহৰ।
নিৰন্তৰ প্ৰজাসব দেৱ সমসৰ॥
লয়লাসে কটাক্ষে ফুৰয় নাৰীগণে।
কন্দৰ্পৰো দৰ্প হৰে যাক দৰশনে॥ ৪৩
সৰ্ব্বকালে যৌৱন লম্বিত নুহিকয়।
লয়নু পুতলি যেন দেখি সেহি নয়॥
আয়ত, লোচন চাৰু ক্ষীণ যে কঙ্কাল।
বতাসত হালে যেন শ্ৰীফলৰ ডাল॥৪৪
হেন নাৰীগণ তৈতে আনন্দে ভ্ৰমন্ত।
কোকিলৰ কুহুঁ কুহুঁ মলয়া বসন্ত॥
সুবৰ্ণৰ চৌপথ পদূলি সুবৰ্ণৰ।
পশু পক্ষী যত সুবৰ্ণৰ নিৰন্তৰ॥৪৫
সুবৰ্ণৰ তৰু তৃণ লতা আছে যত।
দেখয় সুবৰ্ণময় যতেক পৰ্ব্বত॥