পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
কুৰ্ম্মবলী-যুদ্ধ।


লেখিলেক পত্ৰখান উত্তম নিয়ম।
দুৰ্য্যোধন ৰাজা দুৰ্জ্জনৰ মহা যম॥৩৮
সমদলে সকল কটকে আসে ধাই।
মেলিলেক ঘোৰা পাছে শুভক্ষণ চাই॥
ধৰিয়োক ঘোৰা যাৰ আছয় শকতি।
লগতে চলিছে দুঃশাসন মহামতি॥৩৯
এহিমতে পত্ৰখান পণ্ডিতে লেখিয়া।
ঘোটকৰ কপালত দিলেক বান্ধিয়া॥
কহিলেক পণ্ডিতে উত্তম ক্ষণ চাই।
মেলিলা যজ্ঞৰ ঘোৰা শুভক্ষণ পাই॥৪০
লগত চলিলা দুঃশাসন বীৰবৰ।
জয় জয় শৱদ উঠিলা ভয়ঙ্কৰ॥
প্ৰবল ঘোটকগোট মহাবেগে চলে।
ৰত্নে বিৰচিত ঘোৰা সূৰ্য্য সম জ্বলে॥৪১
দেশে দেশে ঘোটক ভ্ৰময় নিৰন্তৰ।
প্ৰবেশিলা পাছে কূৰ্ম্মৱলীৰ নগৰ॥

⸻•⸻