পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কূৰ্ম্মৱলী-যুদ্ধ।

অসংখ্যাত ৰাজাগণ বধি সমৰত।
লুৰি পুৰি সবাৰ আনিল ধন যত॥৩৪
বৈশম্পায়ন বদতি শুনিয়ো মহাৰাজ।
আত অনন্তৰে পাছে যেন ভৈলা কাজ॥
ৰণ জিনি কৌৰৱৰ হৰিষ অপাৰ।
হেন মনে কৰে দেৱতাক দেওঁ ধাৰ॥৩৫
পাছে দুৰ্য্যোধন ৰাজা পূৰি মনস্কাম।
পাতক ছাড়োক ডাকি বোলা ৰাম॥


অশ্বমেধৰ অশ্ব মেলি দিয়া।

দুৰ্য্যোধন কহে মন্ত্ৰী শুনিয়ো বচন।
পণ্ডিত ব্ৰাহ্মণ মাতি আনা এতিক্ষণ॥৩৬
ঘোটকৰ কপালত লেখা ভালমতে।
সবেও বিৰাজ কৰা ঘোৰাৰ লগতে॥
ধৃতৰাষ্ট্ৰ পিতৃক বিদায় মাগিছয়।
যাৱতেকে ফিৰিয়া পালটি নাহোঁ মই॥৩৭
শুনি ৰঙ্গ ভৈলা তেবে ধৃতৰাষ্ট্ৰ ৰায়।
পণ্ডিত ব্ৰাহ্মণ আনিলেক ভাল চাই॥