পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কূৰ্ম্মৱলী-যুদ্ধ


আমাৰ বচন শুনিয়োক বীৰচয়।
শাস্ত্ৰৰ বিহীত কাৰ্য্য কৰিবে লাগয়॥
বাধা-সুত কৰ্ণ পশ্চিমক গৈলা চলি।
উত্তৰে চলোক দুঃশাসন মহাবলী॥৩০
পূৰ্ব্বক চলোক দ্ৰোণ আচাৰ্য্য সম্প্ৰতি।
দক্ষিণে চলোক ভীষ্ম মোক্ষ সেনাপতি॥
চাৰিয়ো দিশক চলি গৈলা বীৰগণ।
দেশে দেশে ৰাজায় সহিতে মহাৰণ॥৩১
হেন দেখি সবাৰ হৰিষ ভৈলা মন।
নিশান-শৱদে বোলে সাজ ৰাজগণ॥
ভিন্নে ভিন্নে আপোনাৰ লৈয়া সেনাগণ।
চাৰিয়ো দিশক চলি গৈলা ৰাজাগণ॥৩২
পশ্চিম দিশক ৰাধা সুত মহাবল।
বিনা যুদ্ধে ৰাজা জিনিলন্তক সকল॥
পূৰ্ব্ব দিশে যত যত নৃপতি আছিল।
মহাযুদ্ধে দ্ৰোণে সব ৰাজাক জিনিল॥৩৩
দক্ষিণত ভীষ্ম সেনাপতি অনুপম।
খেদি খেদি ৰাজাগণ কৰিলা সংগ্ৰাম॥