পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কূৰ্ম্মৱলী-যুদ্ধ

ৰতনৰ পাতা অসংখ্যাত দিলা টানি।
চাহান নাযাই ঝিকিমিকি কৰে ধুনি॥২৫
প্ৰৱন্ধে সাজিলা তাত অনেক পুতলি।
অঙ্গি ভঙ্গি কৰি আছে হাত তুলি তুলি॥
সিংহ হস্তীগণক লেখিলা পালে পালে।
হৰিণ বৰাহ গৰু মহিষ ছাগলে॥২৬
গড়ুৰক আদি কৰি যত পক্ষীচয়।
তিপচিলা আদি কৰি লেখিলা কতয়॥
এহিমতে যজ্ঞৰ সাজিলা ঘৰচয়।
শুনা পাছে যি কৰিলা ৰাধাৰ তনয়॥২৭
ইন্দ্ৰপ্ৰস্থ নগৰক চলি বীৰবৰ।
সুৱৰ্ণৰ যত গৃহ ভাঙ্গিলা বিস্তৰ॥
শকটে শকটে ভৰি দিলেক পঠাই।
ধনৰ ভাণ্ডাৰ ভাঙ্গি আনিলা দুনাই॥২৮
এহিমতে সবে ৰাজ কাৰ্য্য নিয়োজিলা।
সেহি বেলা যজ্ঞৰ ঘোটক আনি দিলা॥
হেন দেখি দুৰ্য্যোধন হৰিষ মনত।
সবাকো সম্বোধি হেন বুলিলা সম্মত॥২৯