পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
কূৰ্ম্মৱলী-যুদ্ধ৷

প্ৰজাগণে ক্ৰন্দন কৰয় অতিশয়।
সকল নগৰ ভৈলা হাহাকাৰময়॥৩৫৬
মহা আৱৰাৱে সবে কান্দে নৰনাৰী।
পিতৃ পুত্ৰ ভাতৃ বন্ধু বান্ধৱক স্মৰি॥
এহিমতে ক্ৰন্দন কৰয় যত যত।
সংক্ষেপ পয়াৰে তাৰ লেখা দিবো কত॥৩৫৭
পাছে কুৰুগণে সবে গৈলা ঘৰাঘৰি।
চৰু হাড়ি পেলাইলেক সমস্ত নগৰি॥
অস্ত্ৰক ভিজায় সবে কৰিলেক শুদ্ধ।
ভৈলা ক্ৰিয়াধাৰী সবে কটক প্ৰবুদ্ধ॥৩৫৮
তাত পাছে ধৃতৰাষ্ট্ৰ নৃপতি প্ৰধান।
দেশে দেশে পঠাইলেক যত দূতগণ॥
কহিলেক দূতগণে সমস্ত লোকত।
আৰাৱে তম্ৰূলে কান্দে নাৰীগণ যত॥৩৫৯
দেশে দেশে প্ৰজাৰ মিলিলা হাহাকাৰ।
নৃপতিৰ বংশ সবে কান্দিলা অপাৰ॥
নৃপতিৰ ভাৰ্য্যা পুত্ৰ সবে সেনা যত।
মৃতকৰ প্ৰেতক্ৰিয়া কৰিলা সমস্ত॥৩৬০