পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
কূৰ্ম্মৱলী-যুদ্ধ৷


বিৰাট সৈন্যৰ দ্ৰুপদৰ সেনাচয়।
সমস্ত পৃথিবী মানে হাহাকাৰময়॥

গান্ধাৰীৰ আদেশত যজ্ঞ স্থগিত।

সেহিবেলা গঙ্গা-সুত সসৈন্যে সহিত।
হস্তিনাপুৰত আসি ভৈলা উপস্থিত॥৩৬১
দেখি সমস্তৰে অতি ৰঙ্গ ভৈলা মন।
শুনি ধৃতৰাষ্ট্ৰ আসিলেক সেহি স্থান॥
গঙ্গাৰ সুতক ৰঙ্গে প্ৰণাম কৰিলা।
ৰাজগণে আসি নৃপতিক প্ৰণামিলা॥৩৬২
কহিলন্ত যিমত সমৰ অদভূত।
ঘোটকক আগকৰি দিলা গঙ্গা-সুত॥
সেহি বেলা গান্ধাৰী বুলিলা বাধা বাক্য।
নালাগে আমাৰ যাগ যজ্ঞ কৰিবাক॥৩৬৩
প্ৰথমতে ভৈলা আসি বিঘিনি প্ৰধান।
যজ্ঞ এৰি দৰিদ্ৰক কৰায়ো ভোজন॥