পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
কূৰ্ম্মৱলী-যুদ্ধ৷

দুৰ্য্যোধন বদতি পিতৃ শুনিয়ো বচন।
যেন মতে যুদ্ধ ভৈলা শুনিয়ো কাৰণ॥
কালভদ্ৰ নামে তাৰ মোক্ষ সেনাপতি।
সুৰাসুৰে অজেয় দাৰুণ বীৰ অতি॥৩৫৩
দ্ৰোণ জয়দ্ৰথ আদি যতেক আসিলা।
এক শৰে কালভদ্ৰে সবাক মাৰিলা॥
পাছে কৰ্ণ সমে লাগিলেক ঘোৰ ৰণ।
একে লগে পৰি দুয়ো ভৈলা অচেতন॥৩৫৪
হেন দেখি তাহাৰ নৃপতি আইলা ধায়।
নিমিষেকে সবাক নিলেক উৰুৱায়॥
নাজানোহো তাত পাছে ভৈলা কোন কথা।
একেশ্বৰে গঙ্গা-সুত বহিলেক তথা॥৩৫৫

কুৰুৰাজ্যৰ শোক।

হেন শুনি ধৃতৰাষ্ট্ৰ কৰয় ক্ৰন্দন।
গান্ধাৰী সহিতে কান্দে যত কন্যাগণ॥