পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
কূৰ্ম্মৱলী-যুদ্ধ

ধৃতৰাষ্ট্ৰৰ কুৰুসৈন্যৰ সংবাদ গ্ৰহণ।

হেন শুনি ধৃতৰাষ্ট্ৰ ৰাজা নৰেশ্বৰ৷
দুৰ্য্যোধন নৃপতিক আনাইলা সত্বৰ॥
শোকে দুখে দুৰ্য্যোধন মৃতক সমান।
ধীৰে ধীৰে নৃপতিক কৰিলা বন্দন॥৩৪৯
আপোনাৰ পুত্ৰক আসিবে সাৰি পাই।
আথে বেথে সোধে ৰাজা দুনাই দুনাই॥
হৰি হৰি প্ৰাণ পুত্ৰ কি ভৈলা অৱস্থা।
ঝান্ট কৰি কয়ো বাপ আপোনাৰ কথা॥৩৫০
কৈক গৈলা বাপ তোৰ একশত ভাই।
কৈক গৈলা সুসেন যে শকুনি মমাই॥
কৈক গৈলা বাপ মোৰ বৃদ্ধ গঙ্গা-সুত।
কৈক গৈলা গুৰু দ্ৰোণ বীৰ অদ্ভুত॥৩৫১
কৈক গৈলা মহাৱলী ৰাধাৰ তনয়।
বিৰাট দ্ৰুপদ আদি যত ৰাজাচয়॥
কহিয়োক বাপ আবে বিলম্ব নকৰ।
হেন শুনি দুৰ্য্যোধনে দিলন্ত উত্তৰ॥৩৫২