সমললৈ যাওক

পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
৯৫
কূৰ্ম্মৱলী-যুদ্ধ

কৰ্ণপাতি শুনিলেক সৈন্যৰ আৰাৱ।
শৰীৰৰ বলে অতি বৃষভে নাদয়॥
শ্ৰুতি পায়া দুৰ্য্যোধন উঠিয়া বসিলা।
বনৰ মাজৰপৰা ধীৰে চলি গৈলা॥৩৪৫
মনত গুণয় ইটো কাহাৰ নগৰ।
হাটি বাটি চৌপথক দেখি ভয়ঙ্কৰ॥
কিবা স্বপ্ন দেখো কিবা হৱয় সচিত।
এহি বুলি নৃপতিৰ মনে ভৈলা ভীত॥৩৪৬
কোন ঠাই আছিলো আসিলো কোন থান।
কোন কায কৰিলোহো গুণে মনে মন॥
যদি সত্য কৰি প্ৰভু হৱয় স্বপন।
নকৰা নৈৰাশ হৰি কৰিয়ো চেতন॥৩৪৭
এবি বুলি যায় ৰাজা মনত বিকল।
দেখিলেক আপোনাৰ কটক সকল॥
দুৰ্য্যোধন ৰাজাক দেখিলা বিদ্যমান।
আথে বেথে বৃদ্ধ নৃপতিত দিলা জান॥৩৪৮