পৃষ্ঠা:কুলাচল বধ.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
কুলাচল-বধ।

তাত মহা বিস্ময় মানিয়া কুন্তী সুত।
দেবতাৰ শৰ সব হানয় বহুত॥
সিবেলাত মাদ্ৰীৰ তনয় দুই বীৰ।
সেনাপতি শৰ ঘাৱে নসহে শৰীৰ॥
দুহানো বীৰক সিটো যুঝে একেশ্বৰ।
পৰম প্ৰচণ্ড দুয়ো মাদৃৰ কুমৰ॥
শুকৰৰ যান তাৰ পৰ্ব্বত প্ৰমাণ।
দুহানো প্ৰহাৰে তাৰ বেদনা প্ৰধান॥
ঢলো পৰো কৰিসিটো ফোফায় ডেডাই।
গড় গড় কৰৈ যেন ভূমি ফাটি যাই॥
ধাৰা দণ্ডে তেজ বহি নদীত পৰয়।
তেজে তোল বোল গাৱ দেখে তমোময়॥
মনে বোলে কিনো ইটো চৱা মানুষৰ।
মোৰ শৰে পড়ি ইটো নযাই যম ঘৰ॥
এহি বুলি মহা ঘোৰ শৰ বৰিষিল।
নকুল সহদেৱ দুইকো নিসন্ধি ফুটিল॥
নসহে শৰীৰ বিষে দেখে তমোময়।
কৃষ্ণ স্মৰি তথাপিতো শৰ প্ৰহাৰয়॥
সহদেবে বোলে দাদা প্ৰহাৰিয়ো বাণ।
শূকৰ গোটৰ আগে ছাৰায়ু পৰাণ॥