পৃষ্ঠা:কুলাচল বধ.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
কুলাচল-বধ।

এহি বুলি গাৰ বলে ধনুৰ্ব্বাণ ধৰি।
প্ৰহাৰিলা দিব্যশৰ চয় লক্ষ কৰি॥
সহিবে নপাৰি দুয়ো বীৰৰ সন্ধান।
ঢলিয়া পড়িল সিটো পৰ্ব্বত প্ৰমাণ॥
নাকে মুখে রুধিৰ চাদিয়া নিৰন্তৰে।
পড়িল শূকৰ গোট ধৰণী ওপৰে॥
লাম্ফ মাৰি দৈত্য গোট ভূমিত পড়িল।
মনত বোলয় মোৰ মৰণ মিলিল॥
এহি বুলি ধনু এড়ি ধৰিলেক শূল।
ইটো-দুই মনুষ্যক কৰোহো নিৰ্ম্মূল॥
এহি শূলঘাৱে যেবে মানুষ্য নমৰে।
তেবে জানিবোহোঁ মই যাইবো যমঘৰে॥
হানিলেক শূলপাট প্ৰচণ্ড আন্দোলে।
মৰে মাদ্ৰীসুত দুই দেবগণে বোলে॥
প্ৰলয়ৰ বহ্নি যেন জ্বলে ধমধম।
চন্দ্ৰ সূৰ্য্যগ্ৰহ তেজ পড়িল নিজম॥
হাহাকাৰ কৰে দেব বিদ্যাধৰচয়।
আজি মৰি যায় দুই মাদ্ৰীৰ তনয়॥
শূল হানি খলখলি দানবে হাসয়।
মৰি মানুষৰ চৱা যা যমালয়॥