পৃষ্ঠা:কুলাচল বধ.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
কুলাচল-বধ।



পক্ষীগণে বোলে অবা শুনা মুনি সন্ত।
ভীমৰ মহিমা কোনে কহিবে পাৰন্ত॥
শৰ ঘাৱে সকল শৰীৰে তেজ বয়।
ফুলিল মন্দাৰ যেন দেখি সেহি নয়॥
তথাপিতো তাক গণাগণ নকৰয়।
গদাঘাতে অসংখ্যাত দানৱ মাৰয়॥
হেন বেলা ধনঞ্জয়ে শৰ প্ৰহাৰিলা।
দুনাই সেনাপতি দুইকো নিসন্ধি বিন্ধিলা৷
নেউল শূকৰ দুয়ো যানকো ঢাকিল।
তথাপিতো সিটো দুই বীৰ নটলিল॥
অৰ্জ্জুনক প্ৰহাৰয় কুঞ্জৰাট বলী।
প্ৰহাৰ কৰিয়া ৰঙ্গে হাসে খলখলি॥
যতেক হানয় শৰ কুন্তীৰ কুমাৰ।
কিঞ্চিতো নভৰে গণাগণ নাহি তাৰ॥
দেখি অদভূত মানে ধনঞ্জয় বীৰে।
মোৰ শৰে নিশাচৰে কটাক্ষো নকৰে॥
নিৰ্ব্বিষ ভৈলেক মোৰ শৰ যত যত।
নিসন্ধি ফুটিল তাৰ সকলে গাৱত॥
সবে দেবতাৰ বাণ তিখাল বিশাল।
তথাপি তাহাৰ দেখো নুফুটয় চাল॥