পৃষ্ঠা:কুলাচল বধ.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
কুলাচল-বধ৷

হাইফুই কৰি কহে থিৰক নজাই।
মাতিবে নোৱাৰে মুখে বচন নোলাই॥
আদেশিয়ো সেনাপতি পলাইলেসে ভাল।
মূৰ্ত্তিধৰি আসি অছৈ চাৰি গোটা কাল॥
দানৱৰ সেনা মানে নিৰ্ঘাত পড়িল।
গোটেকো নেৰাইল সবে দানৱ মৰিল॥
দুতয় অৰ্ব্বদ সেনা তোৰা দুহন্তৰ।
মিছায়ে মৰিয়া চলিলেজ যমঘৰ॥
কতো গুটী বীৰ লৈয়া আছা ইথানত।
তোমাৰো ধেমালী মানে ভাঙ্গিব সমস্ত॥
হেন শুনি সেনপতি ক্ৰোধত বোলয়।
হাঁয়ুৰে লাড়ি কা কেনে বচন ৰটস॥
কিসক মাৰিলে আমৰাৰ সৈন্যযত।
কোন মাকিনীৰ সিটো পুত্ৰ কেনেমত॥
পক্ষিগণে বোলে শুনিয়োক মুনিবৰ।
ভয়ে গৰ্ব্ব খসি গৈল দুয়ো দানৱৰ॥
ঝাত ঝাত শৰীৰৰ লোম সিহৰয়।
ক্ৰোধৰ বেগত যেন অগনি উঠয়॥
মনে মনে গুণি দুয়ো কৰৈ আলোচন।
আমৰা সবৰো পাছে মিলিবে মৰণ॥