পৃষ্ঠা:কুলাচল বধ.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
কুলাচল-বধ৷

দেখা বাপু চাৰিপাশে দানবে জণ্টাই।
ঝাণ্ট কৰি চাৰি পাৰে চলো চাৰি ভাই॥
ভীমৰ বচনে সবে ক্ৰোধ গুৰুতৰ।
তিনি বীৰে প্ৰহাৰিলা শৰ নিৰন্তৰ॥
কাৰো উরু কটিস্কন্ধ নাকটি কাটিল।
আধাকটা মানে কটো নদীত পড়িল॥
দমঘোষ নদীখান রুধিৰৰ নয়।
শৱ সব পড়ি তাত বহুত উতয়॥
তিনি বীৰে শৰহানি কাটিলা যিমান।
গুণ্ডি পিপ্পৰাৰ দল উতে সেহিমান॥
পাছে বৃকোদৰে গদাধৰি জাম্প দিল।
যেহেন গোৱালে ভাঙ্গ কোবাইবে লাগিল॥
অস্ত্ৰ শস্ত্ৰ হানিবাৰ শকতি নভৈল।
হাড় ঘাড় ভাগি সবে যমঘৰে গৈল॥
কতো ভয়ে জাম্পদিয়া নদীত পড়য়।
ঢোকাঢোকে পানীখায়া মৰিয়া উঠয়॥
যেন ঝাঁজি উঠে ঘোৰ বাৰিষা কালত।
ঢাকিলেক নদী দুই প্ৰহৰৰ পথ॥
মাৰিলে দানৱ সেনা পালে যতমান৷
সিপাৰক গৈলা কতো সেনাপতি খান॥