পৃষ্ঠা:কুলাচল বধ.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
কুলাচল-বধ৷

কিবা হৰ কিবা ব্ৰহ্মা কিবা পুৰন্দৰ।
কোন মূৰ্ত্তি ধৰি আছে আকৃতি সুন্দৰ॥
কুঞ্জৰাটে বোলে ওবা শুনা সেনাপতি।
নিশ্চয়ে জানিবা ভৈল মৰণৰ ভীতি॥
কোন দেৱে মূৰ্ত্তিধৰি আসিয়া আছয়।
মাৰিলেক সৈন্যসব লগাইলেক ভয়॥
যিহোক সিহোক তভো কৰিবো সমৰ।
এহি বুলি ধাইলা সবে কৰি খৰতৰ॥
ধনুবাণ শেল শূল ধৰি নিকলিল।
অসংখ্য দানৱ বীৰ লগত চলিল॥
দেখি চাৰি বীৰে দনৱৰ লাহাৰিক।
আগ বাঢ়ি গৈলা ক্ৰোধ কৰিয়া অধিক॥
খেদিযাই সন্নিত চাপিলা চাৰি জন।
দেখি জম্বু সেনাপতি বুলিলা বচন॥
কোন তুমি সব কৈবা আমাৰ বনত
হেনমতে সৈন্য সব মাৰা কেনেমত॥
ঝাণ্ট কৰি চিনা জনা আমাক দিয়োক
ৰাজাৰ আগত গৈয়া কহিবাক হোক॥
নকুলে বোলয় দাদা দেখিয়োক তাক।
কুলাচল হেন আগে মানিছিলো আক॥