পৃষ্ঠা:কুলাচল বধ.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
কুলাচল-বধ

কোনে বুজিবেক ঈশ্বৰৰ লীলাচয়।
যাহাৰ লীলাত ব্ৰহ্মা হৰো মোহ হয়॥
কোনে তৰ্কিবাক পাড়ে লীলা ঈশ্বৰৰ।
কটাক্ষতে নষ্ট হোৱৈ সুৰাসুৰ নৰ॥
কোন বস্তু কুলাচল দানৱ দৰ্জ্জন।
তাহাক লাগিয়া ভয় নকৰোহো মন॥
কৰ্ম্মে যেহি আছে তাহা মিলিবেক জানা।
তাহাৰ কাৰণে দদা কাহাকো নামানা॥
হেন শুনি ধনঞ্জয়ে দিলেক উত্তৰ।
ভাল কহিলেক দদা বীৰ বৃকোদৰ॥
শুভাশুভ জয় পৰাজয়ৰ কাৰণ।
ঈশৰত পৰৈ আৰু কৰৈ কোন জন॥
যাৰ যিবা হৈবে যৈত কমনে বাধয়।
আমাৰ লিখিত কোনে কৰিবে নিৰ্ণয়॥
তিনি বাৰ মৰি মৰি হও উতপন্ন।
মাৰোঁ কিবা মাৰে কোনে কৰিবে গণন
বিধাতা ঠেকাইলে দানৱৰ সমূহত।
আমৰাৰ মৃত্যু কিবা সেহি হৰে হত॥
কোনজনে আক কৰিবাক পৰিমিত।
হেন জানি নৰৰাই থিৰ কৰা চিত্ত॥