পৃষ্ঠা:কুলাচল বধ.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
কুলাচল-বধ৷

শুনি ধৰ্ম্মৰাজা দুনাই দিলন্ত উত্তৰ।
ভাল কহিলাহা ধনঞ্জয় বীৰবৰ॥
তথাপিতো কালক কৰিয়া বিমৰিষ।
ফুৰিবাক লাগি কাৰ্য্য নুহি বিষদৃশ॥
কাল গুণি ফুৰিলাত নিমিলে অপাই।
হুস্ফূন্ত জনক যেন বিঘিনিয়ে পাই॥
হেন শুনি সহদেৱে বোলন্ত বচন।
আপুনি কহিছা দদা পূৰ্ব্বৰ কাৰণ॥
ৰঘুবংশে হৈয়াছিল ৰাম অৱতাৰ।
বনত ফুৰন্তে তান যেনয় ব্যাপাৰ॥
আপুনি ঈশ্বৰ নৰরূপে অৱতাৰ।
তথাপি বনত বড় বিঘিনি অপাৰ॥
ৰাক্ষস দানৱ যত বধিলেক মানে।
তহিতে সীতাক হৰি নিলেক ৰাৱণে॥
অনেক যতনে পাছে সীতাক পাইলন্ত।
বনবাস দুঃখক লোকক দেখাইলন্ত॥
স্বরূপত আপুনিয়ে বিঘ্নিৰ ঈশ্বৰ৷
দেখাইলন্ত দুঃখসব মনুষ্য সবৰ॥
আমি পুনু ক্ষুদ্ৰজীৱ মনুষ্য শৰীৰ।
পদ্মপত্ৰ নীৰ যেন নুহিকয় থিৰ॥