পৃষ্ঠা:কুলাচল বধ.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
কুলাচল-বধ৷

দেখি ৰাজা যুধিষ্ঠিৰ বিষাদিত মন।
অৰ্জ্জুনক চাহি হেন বুলিলা বচন॥
দেখা বাপু ধনঞ্জয় কাৰ্য্য বিসঙ্গতি।
আমাক পাইলেক কুলাচল যে দুৰ্ম্মতি॥
প্ৰতি প্ৰতি আনাসাক গালবে বাধিল।
আমাৰ দুঃখৰ কাযে বাধা নখণ্ডিল॥
পৰম দারুণ দৈত্য অজৰ অমৰ।
মহাযোগী অগস্তিৰ পায়া আছে বৰ॥
ইহাৰ হাতত আমৰাৰ মৃত্যু হৈব।
হেন শঙ্কটত আবে কমনে ৰাখিব॥
এহি কহি যুধিষ্ঠিৰ ৰাজাৰ বিকল।
হেন শুনি মাতিলন্ত ভীম মহাবল॥
শুনা দদা দৈবৰ সমান বলী নাই।
একেতিলে কাল অগ্নি দহি কৰে ছাই॥
আছিলেক বঘাসুৰ ত্ৰিভুবনে সাৰ।
যাহাৰ সমান বীৰ বলী নাহি আৰ॥
সুৰাসুৰে সেনাগণ অবধ্য তাহাৰ।
চাৰি গুটী ভ্ৰাতৃয়ে কৰিলো ছাৰখাৰ॥
কৃষ্ণৰ কৃপাত দেৱতাৰ বৰ দানে।
তৃণ সম দেখো দৈত্য আছে যত মানে॥

(৮)