পৃষ্ঠা:কুলাচল বধ.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
কুলাচল-বধ৷

শুনা সেনাপতি কাৰ্য্য মিলিল বিঘাত।
মনুষ্যে মাৰিলে সেনাগণ অসংখ্যাত॥
দমঘোষ নদীৰ দক্ষিণ কাষৰত
পাতিছে আশ্ৰম এক অতি মনোগত॥
গৃহ সব বান্ধি আছে পৰম যতনে।
আমি পশিলাহো তাক চাহিবাক মনে॥
ওচৰ চাপিবে আমি নপাইলো তাহাৰ।
ডাঙ্গৰ মনুষ্য এক আসি চমৎকাৰ॥
দাঙ্গধৰি কোবায়া মাৰিল নিৰন্তৰ।
খেদি আলি ধৰিবেক পলায়ো সত্ত্বৰ॥
আরু তাৰ ভিতৰত কতবা আছয়।
এক গোটে মাৰিবাক সবাকে পাৰয়॥
পক্ষিগণে বোলে কথা শুনা মহামতি।
হেন শুনি জিম্বৰিলা দুয়ো সেনাপতি॥
পৰম আটোপে কোপে গৰ্জ্জি খেদি যাই
দিনান্তে পাইলেক পাছে পাণ্ডৱৰ ঠাই॥
ইপাৰে ৰহিল তাৰা সব সিপাৰত।
চাহিলা সমস্তে তাৰ গৃহ বাড়ী যত॥
পলাইবেক বুলি আরু তথা নৰহিলা।
নৃপতিৰ ঘৰ বাড়ী জন্টায়া ৰহিলা॥