পৃষ্ঠা:কুলাচল বধ.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
কুলাচল-বধ

ৰাজাৰ বেবন্ধা গৃহ নব খান মান।
তাত পাতি আছে কূটচক্ৰ বিদ্যমান॥
বসি আছা ধৰ্ম্মৰাজা কৃষ্ণক সুমৰি।
চাৰি বীৰে আছে চাৰি পাশে সেবা কৰি॥
হেন বেলা দানৱৰ সেনা অসংখ্যাত।
ৰাজাৰ আবাস দেখি পশিলেক তাত॥
ভাঙ্গি চিঙ্গি লুড়ি পুড়ি খায় নিৰন্তৰ।
আপোনাৰ ভাৱে ৰটে কুকথা বিস্তৰ॥
দেখি মহাক্ৰোধে উঠি বীৰ বৃকোদৰ।
উপাৰি আনিলা এক শাল তরুবৰ।
আগ গোট ভাঙ্গি দুই হাতে তুলি লৈলা।
কালান্তক যম যেন উপস্থিত ভৈলা॥
ৰহ বুলি খেদিয়া গৈলেক দ্ৰুতগতি।
দেখি সবে দানৱৰ হৰাইল সুৰতি॥
কৈৰ পাপিষ্ঠিয়া বুলি কোবাইবে লাগিলা।
মহাভয় পায়া সবে দানৱ ভাগিলা॥
কতো হুলে জোঙ্গে কতো নদীত পড়িল।
অসংখ্য দানৱ সেনা বিপাঙ্গে মৰিল॥
ভাগিল দানৱ সেনা কাছুটিক এড়ি।
কতো জান দিল সেনাপতি আগে লড়ি॥