পৃষ্ঠা:কুলাচল বধ.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
কুলাচল-বধ

তাক যদি বিচাৰিয়া ধৰি নামাৰিবো।
দানব ৰাজাৰ আগে কি কথা কহিবো॥
ধৰ্ম্মপক্ষিগণে বোলে শুনা মুনিবৰ।
আলচিয়া দুই বীৰ বজাইল সত্বৰ॥
অসংখ্যাত প্ৰজা লগে খৰ উট যান।
নেউল বানৰ কত পৰ্ব্বত প্ৰমাণ॥
ওলায়া আসিলা সবে কৰি আড়ম্বৰ।
কৰিলেক পূজা গৈয়া মহা ভৈৰবৰ॥
নলৈল ভৈৰবে পূজা দেখিলা সাক্ষাত।
আনো বিমঙ্গলচয় মিলিল তথাত॥
দেখি দুয়ো সেনাপতি সঙ্কোচিত ভাৱ
নেদেখিয়া শুভ চিহ্ন স্বস্থ নোহে গাৱ॥
তথাপি অসংখ্য সৈন্য সব সঙ্গে লৈয়া।
মহাঘোৰ অৰণ্যত প্ৰবেশিল গৈয়া॥
পাত পাত কৰি সবে বিচাৰি ফুৰয়।
ঋষিৰ আশ্ৰম মানে চাহিলা নিশ্চয়॥
দমঘোষ নদী পাৰ হুয়া দৈত্য বল।
তীৰে তীৰে বিচাৰিয়া ফুৰয় কেবল॥
অনন্তৰে ধৰ্ম্ম নৃপতিৰ বাড়ী পায়।
দানৱক ল তাত পশিলেক যায়॥