পৃষ্ঠা:কুলাচল বধ.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
কুলাচল-বধ

কৈৰবা মনুষ্য পশি বনৰ ভিতৰ।
বধিলন্ত দহ দানৱৰ অনুচৰ॥
পাণ্ডুৰ তনয় যুধিষ্ঠিৰ নাম তাৰ।
আরু চাৰি ভ্ৰাতৃ আছে বড় বলিয়াৰ॥
বনত ফুৰয় সিটো তীৰ্থ স্নান কৰি।
আমাকো মাৰিল হন্তে আসিলো সাদৰি॥
হেন শুনি কুঞ্ঝৰাট দানৱ দূৰ্ব্বাৰ।
ক্ৰোধে অন্ধ হুয়া গৰ্জ্জি বোলে বাৰে বাৰ॥
শুন সেনাগণ কাৰ্য্য বিঘাত মিলিল।
আমাৰ ৰাজ্যত আসি যমে দেখা দিল॥
এতদিন নুশুনিলো হেন বিসঙ্গতি।
মনুষ্যে দানৱ মাৰে কাহাৰ শকতি॥
দশ গোটা চাৰ সিটো কোনোবা কালৰ।
মহা বুদ্ধিমন্ত সবাহাতে শ্ৰেষ্ঠতৰ॥
দেৱতাৰ সেনাপতি বীৰ কাৰ্ত্তিকক।
সমুখ সমৰে যিটো সবে ভঙ্গাইলেক
হেন দশ চাৰ মাৰে মানুষ চৱাল।
তাৰ প্ৰতীকাৰ কৰিবাক লাগে ভাল॥
আমি খেদি যাও আসা বিচাৰিয়া চাওঁ।
মায়াবী মনুষ্য তাক কাটি মাৰি খাওঁ॥